Cyber criminal detained: নেলীত আটক তিনি চাইবাৰ অপৰাধী

🎬 Watch Now: Feature Video

thumbnail

মৰিগাঁও, 10 আগষ্ট  : বুধবাৰে নিশা মৰিগাঁও আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত মৰিগাঁও আৰক্ষীয়ে চলাই এক অভিযান ৷ গোপন সূত্ৰৰ খবৰৰ আলম চলোৱা এই অভিযানত অভিযানকাৰী দলটোৱে নিশাই মৰিগাঁৱৰ নেলীত আটক কৰে তিনি চাইবাৰ অপৰাধীক ৷

জানিব পৰা মতে, ধৃত অপৰাধী কেইটাই AS 01 EG 6815 নম্বৰৰ এখন বাহনেৰে নগাঁও দিশৰ পৰা গুৱাহাটীৰ অভিমুখে গতি কৰি আছিল ৷ তেনে অৱস্থাতে আৰক্ষীয়ে আটক কৰে অভিযুক্তকেইটাক ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, বুধবাৰে নিশা আৰক্ষীয়ে নেলীৰ তালাচী চকীত চলাই আছিল তালাচী অভিযান ৷

প্ৰতিখন গাড়ীৰ দৰে AS 01 EG 6815 নম্বৰৰ বাহনখনকো ৰ’বলৈ নিৰ্দেশ দিছিল ৷ কিন্তু আৰক্ষীৰ কথা আওকাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথত থকা নেলী আৰক্ষীৰ তালাচী চকী ভাঙি পলায়নৰ চেষ্টা কৰে বাহনখনে ৷ তেতিয়া আৰক্ষীৰ বাহনখনে পিচে পিচে খেদি যায় AS 01 EG 6815 নম্বৰৰ বাহনখনক ৷ ফলত দুৰ্ঘটনাত পতিত হয় বাহনখন আৰু গুৰুতৰভাৱে আহত হয় বাহনখনত থকা দেৱান ছামছুদ্দিন, ছহিদুল ইছলাম আৰু হানিফুৰ ৰহমান ৷

তাৰ পাচত তিনিওকে আৰক্ষীয়ে আটক কৰি হানিফুৰ ৰহমানক আৰু ছহিদুল ইছলাম মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ আৰক্ষীৰ পৰা জানিব পৰা মতে, ধৃত তিনি ব্যক্ত ATM জালিয়তিকাণ্ডৰ লগত জড়িত ৷ ইতিমধ্যে বহুজনৰ ATM সলনি কৰি লাখ লাখ টকা সংগ্ৰহ কৰিছে ধৃত তিনি অভিযুক্তই ৷ ইয়াৰ লগতে আৰক্ষীয়ে ধৃত তিনি অভিযুক্তৰ পৰা কেবাহাজাৰ ভুৱা ছীম কাৰ্ড, চেন্টেল বেংকৰ পাছবুক আৰু 75 লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : Murder at Bonda; গুৱাহাটীৰ ছাত্ৰক হত্যা; পদপথৰ ব্যৱসায়ীয়ে হত্যা কৰিলে নীতেশ কুমাৰক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.