Karam Festival in Biswanath: কৰম উৎসৱত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা - কমলাকান্ত ক্ষেত্ৰত কেন্দ্ৰীয় কৰম উৎসৱ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 6:06 PM IST

বিশ্বনাথ, ৮ অক্টোবৰ : উত্তৰ অসম চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত যোৱা ৩ অক্টোবৰৰ পৰা অনুষ্ঠিত ৭ দিনীয়া প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় কৰম উৎসৱৰ আজি অন্তিম দিন । উৎসৱৰ অন্তিম দিন উপলক্ষে আজি দিনৰ ১২ বজাত কমলাকান্ত ক্ষেত্ৰত পৰা উলিওৱা হয় এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা । এই শোভাযাত্ৰাত উত্তৰ অসম চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সদস্য আৰু অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দল- সংগঠনে অংশগ্ৰহণ কৰে ।

বিশ্বনাথ চাৰিআলি কমলাকান্ত ক্ষেত্ৰৰ পৰা আৰম্ভ কৰা এই বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত তিনি সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে । এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে ।

এই অনুষ্ঠানটোত উপস্থিত থাকে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিশিষ্ট সাহিত্যিক সুশীল কুৰ্মী । উত্তৰ অসম চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্পাদক দিগন্ত ঘাটোৱাৰে আতঁধৰে এই  সাংস্কৃতিক শোভাযাত্ৰাটোৰ ।

লগতে পঢ়ক: Noonmati Murder case: নুনমাটিত ড্ৰাগছৰ বাবে বন্ধুৱে বন্ধুক কৰিলে নৃশংস হত্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.