Golaghat tripple murder: বিশেষ আদালতৰ জৰিয়তে দোষীক কঠোৰ শাস্তি বিহাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 26, 2023, 12:41 PM IST

Updated : Jul 26, 2023, 1:06 PM IST

গোলাঘাট, 26 জুলাই : ৰাজ্য জোঁকাৰি যোৱা গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ভুক্তভোগীৰ কাষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বুধবাৰে গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে পৰিয়ালটোৰ একমাত্ৰ সদস্য অংকিতা ঘোষক। দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

স্পেচিয়েল ক’ৰ্টৰ জৰিয়তে ঘটনাটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । আত্মসমৰ্পণকাৰী ঘাটক নাজিবুৰ ৰহমান ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ জীৱন সংগী বিচৰা প্ৰক্ৰিয়াত অসমৰ জীয়াৰীসকলক সাৱধান হ'বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ভুক্তভোগী পৰিয়ালটোৰ কাষত আজি মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী অজন্তা নেওগ, বিধায়ক মৃণাল শইকীয়া, যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত থাকে ৷

লগতে পঢ়ক : Golaghat tripple Murder: হত্যাকাৰীৰ ফাঁচীৰ দাবীত উত্তপ্ত গোলাঘাট; CID ৰ দল উপস্থিত গোলাঘাটত

Last Updated : Jul 26, 2023, 1:06 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.