thumbnail

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 5:29 PM IST

ETV Bharat / Videos

National Unity Day 2023 : ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে চিআৰপিএফৰ বাইক ৰেলী

নলবাৰী,৬ অক্টোবৰ : অহা ৩১ অক্টোবৰত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী । তাৰ লগত সংগতি ৰাখি দেশজুৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । দেশজুৰি ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে বিশেষ দিনটো পালন কৰা হয় । এই ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি চিআৰপিএফৰ মহিলা জোৱানসকলে এক প্ৰদৰ্শনীমূলক বাইক ৰেলীত অংশগ্ৰহণ কৰে ।

বৃহস্পতিবাৰে শ্বিলঙৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলী গুৱাহাটীৰ মাজেৰে গৈ শুকুৰবাৰে নলবাৰীত উপস্থিত হয় । ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি শ্বিলঙৰ পৰা শতাধিক মহিলাই বাইকেৰে নলবাৰীস্থিত চিআৰপিএফৰ ১৩৬ নং বেটেলিয়নৰ কেম্পত উপস্থিত হয় ।

নলবাৰীত উপস্থিত হোৱা বাইক ৰেলীৰ অংশগ্ৰহণকাৰী জোৱানসকলক নলবাৰীত উষ্ম আদৰণি জনোৱা হয় । ইফালে এই বাইক ৰেলীটো বঙাইগাঁও, কোকৰাঝাৰ হৈ অসমৰ বাহিৰলৈ যাব আৰু ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত গুজৰাটৰ কেভাদিয়াত ৰেলীটোৰ সামৰণি পৰিব ।

লগতে পঢ়ক :Pijush Hazarika slams congress : 'লোকসভাত অসমত সৰ্বাধিক ১১ খন আসন লাভ কৰিব বিজেপিয়ে'-পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.