thumbnail

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 2:23 PM IST

ETV Bharat / Videos

বছৰৰ আৰম্ভণিতে ঐতিহাসিক হাবুঙলৈ দৰ্শনাৰ্থীৰ আগমন

ধেমাজি,২ জানুৱাৰী: ইংৰাজী নৱবৰ্ষৰ আৰম্ভ হোৱা লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনভোজৰ আমেজ ল'বলৈ প্ৰকৃতিৰ মনোৰম স্থান বিচাৰি ঢাপলি মেলাৰ সমান্তৰালভাৱে ঐতিহাসিক মন্দিৰ, দৌল, দেৱালয় আদি প্ৰসিদ্ধ স্থানসমূহতো ভিৰ কৰিছে বিভিন্নজনে ৷ ধেমাজিৰ ঐতিহাসিক হাবুঙতো পহিলা জানুৱাৰী পৰা অগণন ভক্ত আৰু দশনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয় ৷

ব্যতিক্ৰম নহয় নৱবৰ্ষৰ দ্বিতীয়টো দিনটোও । মঙলবাৰে পুৱাৰে পৰা আগমন ঘটিছে অগণন দশনাৰ্থীৰ ৷ নিজৰ আৰু পৰিয়ালৰ কুশল মংগল কামনা কৰি হাবুঙৰ উপাসনাথলীত সেৱা লৈছে সকলোৱে ৷ ইফালে হাবুঙক আকৰ্ষণীয় ৰূপত গঢ় দিবলৈ আপ্ৰাণ চেষ্টা কৰিছে হাবুঙ উন্নয়ন পৰিচালনা সমিতিয়ে ৷ সমিতিৰ সম্পাদক বাবুল বুঢ়াগোঁহাইয়ে ৰাজ্যবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই চাওলুং ছ্যু-কা-ফাৰ আদৰ্শৰে জাতি-জনগোষ্ঠীৰ মাজত একতা, ভ্ৰাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰি আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰা বুলি উল্লেখ কৰি এইক্ষেত্ৰত সকলোৱে পৰা সহযোগিতা কামনা কৰে ৷ 

লগতে পঢ়ক: নৱবৰ্ষৰ পহিলা দিনটোত অসম-অৰুণাচল সীমান্তৰ জীয়াঢলমুখত উৎসৱমুখৰ পৰিৱেশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.