CPIM Protest in Guwahati : মূল্যবৃদ্ধি ৰোধকে ধৰি একাধিক দাবীত গুৱাহাটীত চি পি আই এমৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 4:38 PM IST

thumbnail

গুৱাহাটী, 7 ছেপ্টেম্বৰ : চি পি আই এমৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে ঔষধকে ধৰি অত্যাৱশ্যকীয় বয়-বস্তুৰ দাম বৃদ্ধি ৰোধ কৰা আৰু নিযুক্তিৰ নামত দুৰ্নীতি বন্ধ কৰা লগতে নিবনুৱা সমস্যা সমাধান কৰাৰ দাবীত মেঘদূত ভৱনৰ সমীপত বৃহস্পতিবাৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 

কাৰ্যসূচীত অংশগ্ৰহণ কৰি চি পি আই এমৰ কামৰূপ মহানগৰ জিলা সমিতিৰ নেতা ভবেন্দ্ৰ কুমাৰ কলিতাই খাদ্য, ঔষধ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰা, চাউল, দাইল, আটা, মিঠাতেল, চেনি আদি কৰি প্ৰয়োজনীয় সামগ্ৰী কম দৰত যোগান ধৰাৰ ব্যৱস্থা কৰা আৰু পে'ট্ৰল, ডিজেলৰ দাম হ্ৰাস কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷

লগতে তেওঁ নতুন কৰ্মসংস্থান সৃষ্টি কৰা, সকলো খালী পদ পূৰণ কৰা, ঠিকাভিত্তিক আৰু কেজুৱেল হিচাপে কাম কৰি থকা সকলৰ পদসমূহ স্থায়ী কৰা, আঁচনিভুক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ দাবী জনায় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত  চি পি আই এমৰ কামৰূপ মহানগৰ জিলা সমিতিৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : MP Gaurav Gogoi: ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সাংসদ গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.