শান্তি চুক্তিত সাপ মাৰি নেগুৰত বিহ ৰাখি থোৱা হ’ল: চিপিআইএম - ULFA Govt Peace Accord
🎬 Watch Now: Feature Video


Published : Dec 30, 2023, 9:35 PM IST
|Updated : Dec 30, 2023, 10:33 PM IST
গুৱাহাটী, ৩০ ডিচেম্বৰ: সাপ মাৰি নেগুৰত বিহ ৰাখি আলফা আৰু অসম চৰকাৰৰ মাজত চুক্তি হোৱা বুলি মন্তব্য কৰিছে চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে । শনিবাৰে আলফা আৰু অসম চৰকাৰৰ মাজত হোৱা চুক্তিখনৰ সন্দৰ্ভত তেওঁ কয় যে চুক্তিখনত অসমৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰশ্নসমূহে স্থান পোৱা নাই । এইখন এখন ভেকোভাওনাৰ চুক্তি ।
তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলফা সন্দৰ্ভত এমাহৰ আগৰ কথা আৰু আজিৰ কথাৰ মাজত পাৰ্থক্য দেখা গৈছে । কাৰণ এমাহ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে পৰেশ বৰুৱাৰ লগত আলোচনা অবিহনে আলফা চুক্তিখন অৰ্থপূৰ্ণ নহয় । কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ ভাষ্য সলনি হৈছে ।’’
তালুকদাৰে লগতে কয়, ‘‘গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে চুক্তিখন আখৰে আখৰে পালন কৰিব । কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহৰ ঝুমলাবাজী । কাৰণ আগতে এনে কেবাখনো গুৰুত্বপূৰ্ণ চুক্তিৰ ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহে এনেদৰে ঝুমলাবাজী কৰাৰ উদাহৰণ আছে ৷’’
লগতে পঢ়ক : আলফাৰ শীৰ্ষ নেতৃত্বৰ ৰাজনৈতিক অপৰিপক্কতা প্ৰকাশ পাইছে : ড৹ হীৰেন গোহাঁই