Protest in Dergaon: দেৰগাঁৱত বিজেপিৰ জনবিৰোধীৰ নীতিৰ বিৰুদ্ধে চিপিআইৰ সমদল
🎬 Watch Now: Feature Video
যোৰহাট, ৩১ মে': উৎকট গৰমকো নেওচি বিজেপিৰ জনবিৰোধীৰ নীতিৰ বিৰুদ্ধে দেৰগাঁৱত চিপিআইৰ প্ৰতিবাদ । বিজেপি চৰকাৰৰ জনবিৰোধী, গণতন্ত্ৰ বিৰোধী নীতিৰ প্ৰতিবাদ জনাই চিপিআইয়ে (CPI Protest in Dergaon)। দেশজোৰা সমদল আৰু পথ সভাৰ জৰিয়তে চিপিআইৰ সহস্ৰাধিক সদস্যই দেৰগাঁও দিচৈ চাৰিআলিত প্ৰতিবাদী সমদল উলিয়াই (CPI Protest rally at Disai Chariali)। প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন চৰকাৰী বিৰোধী শ্ল'গানেৰে উত্তাল কৰে দেৰগাঁও ।
চিপিআইৰ ৰাজ্যিক নেতা পিকুমণি দত্ত আৰু যুৱ নেতা পৰমানন্দ দাসে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে, এইখন চৰকাৰ জনবিৰোধী চৰকাৰ আৰু পুঁজিপতিৰ স্বাৰ্থত কাম কৰাৰ এখন চৰকাৰ । সেয়েহে এই চৰকাৰৰ দিনত খাদ্য-সামগ্ৰীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় বয়-বস্তুৰ মূল্য বৃদ্ধিয়ে সর্বসাধাৰণ লোকৰ জীৱন-জীৱিকাত প্ৰভাৱ পেলাইছে ।
লগতে পঢ়ক:ASTC employees fired: একেলগে চাকৰি হেৰুৱালে 771 গৰাকী কৰ্মচাৰীয়ে; অনিৰ্দিষ্ট কাললৈ নচলিব বাছ !