couple detained: 60 হাজাৰ টকাত নৱজাতকক বিক্ৰীৰ অপচেষ্টা পিতৃৰ - অধ্যক্ষ ড৹ মিহিৰ কুমাৰ গোস্বামী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-11-2023/640-480-19956849-thumbnail-16x9-mrito22255.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 6, 2023, 5:30 PM IST
নগাঁও, 11 নৱেম্বৰ : হায় মানৱতা ! নৱজাতক বিক্ৰীৰ অভিযোগত সোমবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আৰক্ষীয়ে আটক কৰে শিশু বিক্ৰী কৰিবলৈ অহা দম্পতীক। ধৃত দম্পতীটো জহিৰুল ইছলাম আৰু চুলতানা বেগম বুলি জানিব পৰা গৈছে ।
ঘটনাৰ বিৱৰণী অনুসৰি, জহিৰুলে দ্বিতীয়া পত্নীৰ নৱজাতকক বিক্ৰীৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি প্ৰথমা পত্নীৰ সৈতে মিলি NMCHত ভৰ্তি হৈ থকা দ্বিতীয়া পত্নী ছামছুল নেহাৰ নৱজাতকটিক 60 হাজাৰ টকাত বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল জহিৰুলে।
এই কথা চলি থকাৰ মাজতেই নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মিহিৰ কুমাৰ গোস্বামীৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰে দম্পতীটোক ৷ ইফালে ধৃত জহিৰুলে এই কথা নস্যাৎ কৰি ধেমালিহে কৰা বুলি মন্তব্য প্ৰকাশ কৰিছে ৷ ধৃত দম্পতীটোৰ ঘৰ নগাঁৱৰ জুৰীয়াত বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: Murder case : আজান দি থকাৰ সময়তে ইমামক ডিঙি কাটি হত্যা