চিপ লৈ আত্মহত্য়া দম্পতীৰ - BILASIPARA NEWS
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-12-2023/640-480-20181632-thumbnail-16x9-sri.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 4, 2023, 2:36 PM IST
বিলাসীপাৰা, 4 ডিচেম্বৰ : ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰাত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । বিলাসীপাৰা থানাৰ অন্তৰ্গত গুটিপাৰা সপ্তম খণ্ড গাঁৱত এটা দম্পতীয়ে চিপ লৈ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷
গুটিপাৰা সপ্তম খণ্ড গাঁৱৰ বাসিন্দা মনোৱাৰ হুছেইন আৰু তেওঁৰ পত্নী জাহানাৰা খাতুনে দেওবাৰে নিশা নিজ বাসগৃহতেই চিপ লৈ আত্মহত্যা কৰে। অৱশ্যে কি কাৰণত স্বামী-স্ত্ৰীয়ে এই চৰম পন্থা হাতত লৈ সেইবিষয়ে এতিয়াও জানিব পৰা হোৱা নাই ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ড৹ স্মৃতি ৰেখা ফুকনৰ লগতে বিলাসীপাৰা মহকুমা দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাই তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। এই ঘটনাই গুটিপাৰা অঞ্চলত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক: চুৰি কৰা বাইক লৈ পলায়ন কৰোঁতে দুৰ্ঘটনাত পতিত যুৱক-যুৱতী