Corruption at Gaon Panchayat: পঞ্চায়তৰ সভানেত্ৰীয়ে শৌচাগাৰৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ - ব্যাপক অনিময়

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 13, 2023, 7:30 PM IST

মৰাণ, 13 মে’: লাহোৱাল গাঁও পঞ্চায়তত উন্নয়নৰ নামত ব্যাপক অনিময় সংঘটিত হৈছে (Corruption at Gaon Panchayat)৷ ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰূপী সভানেত্ৰী কমলা চাহুৰ বিৰুদ্ধে ৷ জানিব পৰা মতে লাহোৱাল বজাৰৰ মাজ মজিয়াত ১৫ তম বিত্তীয় আয়োগৰ অধীনত লাহোৱাল বজাৰত অৱস্থিত ৰাজহুৱা শৌচাগাৰটো পুনৰ নিৰ্মাণৰ বাবে বিধায়ক পুঁজিৰ পৰা ১ লাখ টকা অনুদান দিয়া হৈছিল (Corruption at Lahowal gaon Panchayat) ৷  

কিন্তু শৌচাগাৰটো নিৰ্মাণৰ নামত কেৱল ৰং তুলিকা সানিয়েই কাম সামৰণি মৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Allegation against Gaon panchayat President) ৷ ৰাজহুৱা শৌচাগাৰটোত নাই এখনো দুৱাৰ ৷ ইয়াৰোপৰি শৌচাগাৰটোত পানী যোগান, বিজুলী বাতিৰ সংযোগ একোৱেই নথকাত এতিয়া ৰাজহুৱা শৌচাগাৰটো ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰিছে ৷ যাৰ ফলত এতিয়া ৰাজহুৱা শৌচগাৰটো একাংশ লোকে জাৱৰ পেলোৱা ডাষ্টবিন হিচাবে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।  

উল্লেখ্য যে লাহোৱাল গাঁও পঞ্চায়তত ৰাস্তা-পদুলি নিৰ্মাণৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷  এইবাৰ ৰাজহুৱা শৌচাগাৰ পুনঃনিৰ্মাণৰ নামতো লাহোৱাল পঞ্চায়তৰ সভানেত্ৰী তথা অভিযুক্ত কমলা চাহুৱে কৰা দুৰ্নীতিক সহজভাৱে ল’ব পৰা নাই স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Dr Sarita Toshniwal murder case: হত্যাকাণ্ডৰ 9 বছৰৰ পাচতো ন্যায়ৰ বাবে তাৰিখ গণনা সৰিতাৰ পৰিয়ালৰ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.