বেঁকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত দ্বিতীয় দিনাও অব্যাহত প্ৰতিবাদ - Severe erosion in Kalgachia

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 3:11 PM IST

কলগাছিয়া,১৬ ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহাসিক পশ্চিম মইনবৰীত বেঁকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত পথ অৱৰোধ কৰি অনিদিৰ্ষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ । বিগত দুমাহ ধৰি বেঁকী নদীৰ গৰাখহনীয়াৰ কৱলত পৰি প্ৰায় দুই শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, ভেটি-মাটি, কৃষিভূমি সম্পূৰ্ণৰূপে জাহ যোৱাৰ পাছতেই বৃহত্তৰ পূৱ মইনবৰীৰ পৰা জয়পুৰ, তাৰাকান্দিলৈ যোৱা একমাত্র গড়কাপ্তানী পথচোৱালৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ।  

যাৰ বাবে শনিবাৰে দ্বিতীয় দিনাও বৃহত্তৰ মইনবৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ শ-শ ৰাইজে ক্ষোভিত হৈ গড়কাপ্তানী পথ অৱৰোধ কৰি অনিদিৰ্ষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বেঁকী নদীৰ গৰাখহনীয়াৰ পৰা মইনবৰীক ৰক্ষা কৰক, গড়কাপ্তানী পথ ৰক্ষা কৰক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ৰক্ষা কৰক, জন-প্ৰতিনিধি হায় হায়, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।  

লগতে পঢ়ক: অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কঠোৰ হৈছে তামুলপুৰৰ বন বিভাগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.