thumbnail

Destruction of forest resource: বনজ সম্পদ ধ্বংস কৰি দলং নিৰ্মাণৰ বিৰোধিতা লখিমপুৰত

By

Published : Apr 29, 2023, 11:00 PM IST

লখিমপুৰ, ২৯ লখিমপুৰ: লখিমপুৰত বনজ সম্পদ ধ্বংস কৰি নিৰ্মাণ কৰা হৈছে এখন দলং । যাৰ বাবে ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । বন বিভাগৰ ভূমিকাতো অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীয়ে । দলংখন হ'ল ৰঙানদীৰ ওপৰত লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা খাৰকাটি ফটাসুঁতি ঘাটৰ দলং । দলং খনৰ নিৰ্মাণ কাৰ্যই প্ৰকৃতিপ্ৰেমীৰ লগতে সাধাৰণ ৰাইজৰো চকু কঁপালত তুলিছে (Construction of bridge by destroying forest resources in Lakhimpur) ৷  

পানীগাঁৱৰ পৰা নাওবৈছা হৈ বিহপুৰীয়ালৈ যাব পৰা আতি চমু পথটোৰ ৰঙানদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা দলংখনৰ বিগত সময়ত হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল (Destroying forest resources in Lakhimpur) ৷ প্ৰায় ২৬ কোটি টকাৰে নিৰ্মাণ হ'ব লগা দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল জে চি কনষ্ট্ৰাকচনে । অতি পৰিতাপৰ কথা দলং নিৰ্মাণৰ নামত কনষ্ট্ৰাকশ্বন কোম্পানীটোৱে বন বিভাগৰ সকলো নীতিনিয়ম জলাঞ্জলি দি শ শ জোপাৰ গছ কাটি দলং নিৰ্মাণত ব্যৱহাৰ কৰিছে (Oppose to construction of Ranganadi river bridge) ৷  

এই ক্ষেত্ৰত লখিমপুৰ বন বিভাগৰ বহুত কৰণীয় আছিল যদিও বিভাগটো নীৰৱ হৈ থকাৰ অভিযোগ উত্থাপন কৰি এনেদৰে দলংখন নিৰ্মাণ কৰাত প্ৰকৃতিৰ প্ৰেমী আৰু স্থানীয় সচেতন মহলে প্ৰতিবাদত সাব্যস্ত কৰে । ৰাইজৰ প্ৰতিবাদ দেখা পাই শনিবাৰে লখিমপুৰ বন বিভাগৰ উপ বন সংমণ্ডল বিষয়া অশোক কুমাৰ দাসৰ নেতৃত্বত অহা এটা দলে দলং নিৰ্মাণ স্থলীত উপস্থিত হৈ দলং খনৰ নিৰ্মাণ কাৰ্য সাময়িকভাৱে বন্ধ কৰে ৷ 

লগতে পঢ়ক: Ambubachi mela 2023: অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে আগতীয়া তৎপৰতা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.