Constituency Delimitation: হাইলাকান্দিত জ্বলিল মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী অশোক সিংহলৰ পুত্তলিকা - APCC
🎬 Watch Now: Feature Video
হাইলাকান্দি,24 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বিৰুদ্ধে হাইলাকান্দিত প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ হাইলাকান্দিৰ ৰাজপথত AJYCPৰ কৰ্মীয়ে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী অশোক সিংহলৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।
আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰাৰ সময়তে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৷ ইফালে প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে ৷ সংগঠনটোৰ সভাপতি কবিৰুদ্দিন লস্কৰে কয়, "আমি কেতিয়াও নিৰ্বাচন আয়োগৰ খচৰা গ্ৰহণ নকৰো । বৰাক উপত্যকাক বঞ্চিত কৰিবলৈ খচৰাখন প্ৰস্তুত কৰা হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংহল বৰাক বিৰোধী ।’’
‘যদি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখন ২০০১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয় তেন্তে বড়োলেণ্ডত আসন কেনেকৈ বৃদ্ধি পালে ! বৰাক উপত্যকাত কেনেকৈ আসন হ্ৰাস হ’ল ? হাইলাকান্দিত এখন আসন হ্ৰাস কৰা হৈছে । আমি এই খচৰা গ্ৰহণ নকৰো ৷ আমি বৰাক বিৰোধী অশোক সিংহলক এই উপত্যকাত প্ৰৱেশ কৰিবলৈ নিদিওঁ ।’’ এই হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷
লগত পঢ়ক:Manipur violence : মণিপুৰৰ পৰিস্থিতিক লৈ দিল্লীত সৰ্বদলীয় বৈঠক