Congress workers verbal dispute: যুদ্ধক্ষেত্ৰলৈ পৰিৱৰ্তন হ’ল হাইলাকান্দি আৱৰ্ত ভৱন - বিধায়ক খলিল উদ্দিন মজুমদাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-09-2023/640-480-19431029-thumbnail-16x9-haila.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 4, 2023, 10:02 PM IST
কৰিমগঞ্জ, 4 ছেপ্টেম্বৰ : সমাগত লোকসভা নিৰ্বাচন 2024 ৷ হাইলাকান্দি আৱৰ্ত ভৱনত যুদ্ধংদেহী পৰিস্থিতি ৷ সোমবাৰে হাইলাকান্দিৰ আৱৰ্ত ভৱনত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বিধায়ক খলিল উদ্দিন মজুমদাৰৰ উপস্থিতিত কংগ্ৰেছৰ কৰ্মীসকলৰ বিবাদে যুদ্ধক্ষেত্ৰৰ ৰূপ লয়। হাইলাকান্দি আৱর্ত ভৱনৰ এটা কোঠাত দুই বিধায়কৰ দুয়োটা শিবিৰৰ কংগ্ৰেছৰ কৰ্মীসকলৰ মাজতেই দুৰ্বাদল কাজিয়াৰ সৃ্ষ্টি হয় ৷
জানিব পৰামতে টিকট আবণ্টনৰ বাবে লবীক কেন্দ্ৰ কৰি প্ৰথমে বাকযুদ্ধ হয় তাৰ পিচতে এই কাজিয়াই চৰম ৰূপ ধাৰণ কৰে ৷ সম্প্ৰতি আৱৰ্ত ভৱনত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বিধায়ক খলিল উদ্দিন মজুমদাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে ৷ এই ঘটনাৰ পিচতে হাইলাকান্দিৰ কংগ্ৰেছৰ ভিতৰচোৱাত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ ইফালে ঘটনাস্থলীত হাইলাকান্দি সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷
লগতে পঢ়ক: Voter Chetna Maha Abhiyan:তিনিচুকীয়াত ভোটাৰ চেতনা মহা অভিযানৰ BLA-2 পৰ্যায়ৰ প্ৰশিক্ষণ