thumbnail

Congress Protest in Tezpur: পঞ্চায়ত নিৰ্বাচন; তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Jun 12, 2023, 4:00 PM IST

তেজপুৰ, 12 জুন : শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত বিৰোধী ঐক্য মঞ্চই সোমবাৰে তেজপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত সাব্যস্ত কৰে প্ৰতিবাদ ৷ পঞ্চায়ত নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰাৰ বাবে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

জিলা কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চই সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা আৰু চৰকাৰে এইবাৰ প্ৰতীক চিহ্ন ব্যৱহাৰ নকৰাকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা বিষয়ে বিৰোধিতা কৰি শোণিতপুৰৰ উপায়ুক্তক এক পত্ৰ প্ৰেৰণ কৰে ৷ অসম চৰকাৰে অলপতে এক সিদ্ধান্ত গ্ৰহণ কৰে যে পঞ্চায়ত নিৰ্বাচনত এইবাৰ কোনো দলৰ প্ৰতীক চিহ্ন নাথাকিব আৰু এই ব্যৱস্থাৰ ফলত ভোটাৰে প্ৰাৰ্থীৰ চিহ্নৰ পৰিবৰ্তে নামহে দেখা পাব ৷ কিন্ত এই ব্যৱস্থাৰ ফলত সাধাৰণ লোকে ভোট প্ৰদানৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব বুলি অভিযোগ তুলি কংগ্ৰেছে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰে ৷  

প্ৰতিবাদী সকলে চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই ব্যৱস্থা পৰিহাৰ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে সংবাদ মাধ্যমক জনায় যে চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণ কৰা নহ’ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.