thumbnail

Chirang Congress protest in front of SBI: বিজেপি নেতৃত্বাধীন তৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ চিৰাং কংগ্ৰেছ

By

Published : Mar 10, 2023, 12:14 PM IST

চিৰাং, 10 মাৰ্চ : চিৰাঙৰ বাসুগাঁৱত ষ্টেট বেংকৰ সন্মুখত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ(Chirang Congress protest in front of SBI) । ভাৰতীয় ষ্টেট বেংক, এল আই চি দৰে বিত্তীয় প্ৰতিষ্ঠানত দেশৰ কোটি কোটি মানুহৰ কষ্টোপাৰ্জিত সঞ্চিত ধনৰ লুণ্ঠন চলোৱা গৌতম আদানীৰ লগতে আন আন পুঁজিপতিৰ প্ৰতি বিজেপি দলে দেখুৱাই অহা দৰদ তথা ঝণ ৰেহাইৰ বিৰোধিতা কৰি কংগ্ৰেছ দলে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী (Chirang Congress protest )৷ 

দেশবাসীৰ নিজৰ কষ্টোপাৰ্জিত সঞ্চয় কৰা ধনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশক্ৰমে চিৰাং জিলা কংগ্ৰেছৰ উদ্যোগত বাসুগাঁৱৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Chirang Congress protest at SBI)। 

লগতে পঢ়ক : Raid against Power loom gamochas: ৰঙিয়াত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অভিযান

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক গৰ্জন মুছাহাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক তীব্ৰ সমালোচনা কৰে । অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা বিটিআৰ কংগ্ৰেছৰ সমন্বয়ক গৰ্জন মুছাহাৰীৰ নেতৃত্বত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত চিৰাং জিলাৰ সভাপতি, সম্পাদকসহ বহুকেইগৰাকী নেতাই অংশ গ্ৰহণ কৰে । 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.