Price Hike in Assam: মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল টিংখাং - কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল টিংখাং

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 30, 2023, 7:08 PM IST

মৰাণ,৩০ জুলাই: ইন্ধনৰ পৰা আৰম্ভ কৰি সকলো নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও চৰকাৰ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণক । সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীক । আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে টিংখাং ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত টিংখাঙৰ ৰাজগড় সাপ্তাহিক বজাৰত ৰূপায়ন কৰিলে প্ৰতিবাদী কাৰ্যসূচী ।

ঔষধ, ৰন্ধন গেছ,পেট্ৰ'ল-ডিজেলকে ধৰি শিশু খাদ্যৰ মূল্যবৃদ্ধি আৰু GST আৰোপ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড় জিলাৰ কংগ্ৰেছ কৰ্মীসকলে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী এতুৱা মুণ্ডা, জ্যেষ্ঠ কংগ্ৰেছী নেতা বিপুল গগৈ আদিয়ে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱা বুলি তেওঁলোকে মন্তব্য় কৰে ।

ইপিনে, প্ৰতিবাদকাৰীসকলে জনসাধাৰণক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ গৃহ বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বান মৰ্মে নিত্য ব্যৱহৃত সামগ্ৰীৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ কৰ্মীসকল । 

লগতে পঢ়ক:One time use plastic; অসমত বন্ধ হোৱা নাই এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ ব্যৱহাৰ : ড৹ অৰূপ মিশ্ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.