Congress Protest Against APDCL : তেজপুৰত এপিডিচিএলৰ শ্মশানযাত্ৰা; শৱদেহৰ ৰূপত ফেন-এচি

By

Published : Jun 13, 2023, 3:30 PM IST

thumbnail

তেজপুৰ, ১৩ জুন : বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত এপিডিচিএলে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ লগতে স্মাৰ্ট মিটাৰ সংযোজনেৰে সৰ্বসাধাৰণৰ ওপৰত যি মাধমাৰ শোধাইছে তাৰ এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে শোণিতপুৰ জিলা কংগ্ৰেছে ৷ বিদ্যুতৰ বৰ্ধিত মাচুলৰ বাবে মৃত্যুমুখত পৰা বিভিন্ন বৈদ্যুতিক সামগ্ৰী যেনে ফেন, টেলিভিছন, এচি আদি মৃতদেহৰ ৰূপত সাঙীত শুৱাই তেজপুৰৰ ৰাজীৱ ভৱনৰ কাৰ্যালয় চৌহদত কান্দি-কাটি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলৰ প্ৰতিবাদকাৰীসকলে ৷

ইয়াৰ পাছতে শ্মশানযাত্ৰা হিচাপে তেজপুৰৰ পথেৰে এক সমদল উলিয়ায় ৷ প্ৰতিবাদকাৰীসকলে তেজপুৰৰ এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখতো বিদ্যুৎ মাচুল বৃদ্ধি ৰোধ আৰু স্মাৰ্ট মিটাৰ সংযোগ বাতিল কৰিবলৈ দাবী জনাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

উল্লেখ্য, ৰাজ্যত বৃহৎ মাত্ৰাত বিদ্যুৎ মাচুল বৃদ্ধিত সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে । বিভিন্ন দল-সংগঠনে বিদ্যুৎ মাচুল বৃদ্ধিত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । মঙলবাৰে সমগ্ৰ ৰাজ্যজুৰি আপ অসমেও এপিডিচিএলৰ কাৰ্যালয়ত বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক :Electricity tariff hike: গৰমৰ দিনত বিদ্যুৎ বেছিকৈ ব্যৱহাৰ কৰিছে বাবে বিল বেছিকৈ আহিছে; দিলীপ শইকীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.