Congress protests in Tinsukia: বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে তিনিচুকীয়াত জিলা কংগ্ৰেছৰ প্ৰতিবাদ - Adani financial fraud
🎬 Watch Now: Feature Video
তিনিচুকীয়া,৬ ফ্ৰেব্ৰুৱাৰী: দেশৰ অন্যতম পুঁজিপতি গৌতম আদানিয়ে ব্যৱসায়িক ক্ষেত্ৰৰ অৰ্থনীতি নিম্নগামী হোৱাৰ অজুহাতেৰ আত্মসাৎ কৰিব খুজিছে দেশৰ কোটি কোটি জনতাৰ কষ্টৰ ধন(Adani financial fraud) । অন্যতম নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এল আই চি(Life Insurance Corporation) আৰু এচ বি আই ৰ বিনিয়োগকাৰীসকলক চিন্তাত পেলাইছে এই ঘটনাই(Adanis scam) । আদানিৰ বৃহৎ বিত্তীয় কেলেংকাৰীয়ে সৰ্বত্ৰে লাভ কৰিছে চৰ্চা ।গৌতম আদানিৰ বিত্তীয় প্ৰৱঞ্চনাৰ উচ্চ তদন্তৰ দাবী কৰিছে সকলোৱে । ইয়াৰ মাজতে কংগ্ৰেছে উত্থাপন কৰিছে এক বিস্ফোৰক অভিযোগ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আদানিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ।
গৌতম আদানিক গ্ৰেপ্তাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আদানিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰি অসম প্ৰদেশ কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তিনিচুকীয়া জিলা কংগ্ৰেছে(Congress Protest against Adanis Financial fraud in Tinsukia) । 'আচ্ছে দিন', 'সব কা সাথ সব কা বিকাশ'ৰ শ্ল’গাণ দিয়া প্রধানমন্ত্ৰী মোদীৰ পৃষ্ঠপোষকতাত ‘বন্ধু' আদানীৰ দপদপনি আৰু আদানীৰ বিৰুদ্ধে কোটি কোটি জনতাৰ কষ্টোপার্জিত ধন আত্মসাৎ কৰাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ ৷
ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ সহযোগত এল আই চি, ষ্টেট বেংকৰ সাধাৰণ গ্ৰাহকৰ ধন লুট কৰা বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে সোমবাৰে তিনিচুকীয়াত জিলা কংগ্ৰেছে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ তিনিচুকীয়া কংগ্ৰেছ ভৱনৰ পৰা এক সমদলৰ বাহিৰ কৰি প্ৰতিবাদকাৰীসকলে তিনিচুকীয়াৰ গোপীনাথ বৰদলৈ পথত থকা জীৱন বীমাৰ কাৰ্যালয়ৰ সন্মুখত কিছুসময় প্ৰতিবাদ সাব্যস্ত কৰি চিৰাপত্তীত অৱস্থিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ তিনিচুকীয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷
প্ৰতিবাদৰ সময়ত কংগ্ৰেছকৰ্মীসকলে বিজেপি হায় হায়, নৰেন্দ্ৰ মোডী গ’বেক, অমৃত শ্বাহ গ’বেক, এল আই চি ক সুৰক্ষা কৰক, ভাৰতীয় ষ্টেট বেংকক সুৰক্ষা কৰক, জনতাৰ কষ্টআৰ্জিত ধন সুৰক্ষিত কৰক, গৌতম আদানীক গ্ৰেপ্তাৰ কৰক, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ আদি শ্ল’গানেৰে তিনিচুকীয়া আকাশ বতাহ কঁপাই তোলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি সাধাৰণ জনতাৰ সঞ্চিত ধনৰ নিৰাপত্তাৰ দাবী জনোৱাৰ লগতে গৌতম আদানিক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই তিনিচুকীয়া জিলা কংগ্ৰেছে ৷
লগতে পঢ়ক: Adani financial fraud :আদানিৰ বিত্তীয় প্ৰবঞ্চনাৰ তদন্তৰ দাবীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ