ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা বিজেপিৰ; নলবাৰীত ভূপেন বৰা - নলবাৰীত ভূপেন বৰা
🎬 Watch Now: Feature Video


Published : Jan 11, 2024, 2:33 PM IST
নলবাৰী, ১১ জানুৱাৰী : সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমতো আৰম্ভ হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা । অহা ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ কংগ্ৰেছৰ নেতৃত্বত চলিব ভাৰত জোড়ো ন্যায় যাত্ৰা । আজি অৰ্থাৎ বৃহস্পতিবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰা সম্পৰ্কে পথ নিৰ্ধাৰণৰ উদ্দেশ্যে নলবাৰীত উপস্থিত হয় কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।
বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ মাজেৰে কেনেদৰে ন্যায় যাত্ৰা আগুৱাই নিব সেই সন্দৰ্ভত এক আলোচনাত মিলিত হোৱাৰ পূৰ্বে নলবাৰীত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী । আনহাতে, ইফালে মণিপুৰ চৰকাৰে ৰাহুল গান্ধীক ইম্ফল পূব জিলাৰ পৰা তেওঁৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা' আৰম্ভ কৰাত বাধা প্ৰদান কৰিছে ৷
কিয়নো মণিপুৰৰ ইম্ফল পূব জিলাৰ হাট্টা কাংজেইবুঙৰ পৰা ১৪ জানুৱাৰীত 'ভাৰত জোড়ো ন্যায় যাত্ৰা' আৰম্ভ হোৱাৰ কথা আছিল ৷ এই সন্দৰ্ভতো কেতবোৰ মন্তব্য প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।
লগতে পঢ়ক : যাত্ৰাৰ পূৰ্বেই বিপাঙত ভাৰত জোড়ো ন্যায় যাত্ৰা; মণিপুৰ চৰকাৰে অনুমতি নিদিয়াৰ অভিযোগ কংগ্ৰেছৰ