বিধানসভাৰ শীতকালীন অধিবেশনত বিলম্ব; চৰকাৰক ভয়াতুৰ বুলিছে বিধায়ক কমলাক্ষই

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 8:17 PM IST

thumbnail

কৰিমগঞ্জ, 24 নৱেম্বৰ: অসম চৰকাৰে সময়মতে কিয় অনুষ্ঠিত কৰা নাই শীতকালীন অধিৱেশন ? এই প্ৰশ্ন উত্থাপনেৰে ক্ষোভ প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই  । শুকুৰবাৰে কৰিমগঞ্জৰ জিলা আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয় যে বিৰোধীয়ে চৰকাৰৰ ব্যৰ্থতা আৰু ভুলৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ আশংকাত ৰাজ্যখনৰ বিজেপি চৰকাৰে শীতকালীন অধিৱেশন বন্ধ কৰি দিছে ।

বিধায়কগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ বিজেপি চৰকাৰে গণতন্ত্ৰ ধ্বংস কৰিছে । কোকৰাঝাৰত শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব বুলি চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে ৷ লগতে ফেব্ৰুৱাৰী মাহত বাজেট অধিবেশনৰ অধিসূচনা জাৰি কৰা হৈছে বুলিও তেওঁ কয় । শীতকালিন অধিৱেশন অনুষ্ঠিত নকৰাৰ বাবে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

লগতে পঢ়ক: ৰাজহ সংগ্ৰহৰ বাবে বিভাগ চলোৱা নাই : পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.