Mira Borthakur criticized BJP govt: অসমৰ উচ্চ শিক্ষানুষ্ঠানবোৰ ধ্বংস কৰাৰ ষড়যন্ত্ৰ BJP চৰকাৰৰ; মীৰা বৰঠাকুৰ - অসমৰ উচ্চ শিক্ষানুষ্ঠানলৈ অশনি সংকেট নমাই আনিছে
🎬 Watch Now: Feature Video
Published : Sep 4, 2023, 2:30 PM IST
গুৱাহাটী, 4 ছেপ্টেম্বৰ : অসমৰ উচ্চ শিক্ষানুষ্ঠানবোৰ বিশেষকৈ অসমৰ বিশ্ববিদ্যালয়বোৰ বিজেপি চৰকাৰে ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰাৰ গুৰুতৰ অভিযোগ কৰিছে অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে । গুৱাহাটীৰ প্ৰদেশ কংগ্ৰেছৰ ৰাজীৱ ভৱনত সোমবাৰে এখন সংবাদমেল আয়োজন কৰি অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয় যে, বিজেপি চৰকাৰে অসমৰ উচ্চ শিক্ষানুষ্ঠানলৈ অশনি সংকেট নমাই আনিছে ।
তেওঁ আৰু কয়, ‘‘অসমৰ প্ৰায়সমূহ বিশ্ববিদ্যালয়তে বহিঃৰাজ্যৰ উপাচাৰ্যক নিযুক্তি দিছে । আনকি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বাচনি কমিটীৰ অধ্যক্ষসকলকো বহিৰাগত লোকক নিয়োগ কৰিছে । এই কামবোৰৰ বেছিভাগেই পূৰ্বৰ বিজেপিৰ ৰাজ্যপাল জগদীশ মুখীৰ কাৰ্যকালত কৰা’’ ।
মীৰা বৰঠাকুৰে কয়, ‘‘কংগ্ৰেছৰ শাসনত অসমৰ পণ্ডিত তথা বিদ্বানসকলক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিয়োগ কৰা হৈছিল ৷ অসমত অসমীয়া শিক্ষাবিদ আৰু পণ্ডিত তথা বিদ্বান লোকৰ অভাৱ হ’ল নেকি ? এই ক্ষেত্ৰত অসমৰ জাতীয় সংগঠনবোৰ নিমাত কিয় ?"
লগতে পঢ়ক : Bajali Supari Syndicate: বহু ধনৰ লোভে যদি মানুহ পাহৰায় ! ডি এছ পি পুস্কল গগৈক গ্ৰেপ্তাৰ