thumbnail

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 7:03 AM IST

ETV Bharat / Videos

দুই এটা এলেকাৰ বাদে কাৰ্বি আংলঙত উন্নয়নৰ অৱস্থা পুতৌ লগা : জয়ৰাম ইংলেং

ডিফু, 4 জানুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ চৰ্চা চলিছে কোন কোন সমষ্টিত কোনে প্ৰতিদ্বন্দিতা কৰিব ৷ শেহতীয়াকৈ বিজেপিৰ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা জয়ৰাম ইংলেঙে মন মেলিছে লোকসভা নিৰ্বাচনলৈ ৷ লোকসভা নিৰ্বাচন আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে ভাল ফল লাভ কৰিব বুলি উল্লেখ কৰি বুধবাৰে ডিফুত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ইংলেঙে ৷

তেওঁ কয়, ‘‘ৰাতি হ’লে দিন হ’বই ৷ ঠিক তেনে দৰে বেয়া হ’লে এদিন ভাল হ’বই ৷’’ কাৰ্বি আংলং, ডিমা হাছাওৰ বৰ্তমান বাতাবৰণ সন্দৰ্ভত তেওঁ কয়, ‘‘কংগ্ৰেছে সংবিধানৰ গণতান্ত্ৰিক মৰ্যদা বজাই ৰাখি ৰাজনীতিৰ যুঁজত অগ্ৰসৰ হৈছে ৷’’

আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ইংলেঙে কয়, ‘‘মই দলৰ শীৰ্ষ নেতালৈ আবেদন কৰিছো ৷ তেওঁলোকে সিদ্ধান্ত ল’ব ৷ যদিও মই টিকট নাপাওঁ বা দলে বেলেগকো দিয়ে তেতিয়া হ’লে দলটোক জিকোৱাৰ স্বাৰ্থতে কাম কৰিম ৷’’

লগতে পঢ়ক : ড৹ কৰবী ডেকা হাজৰিকালৈ 2024 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.