Mock drill in Majuli: আগন্তক বানৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীত জিলা প্ৰশাসনৰ উদ্যোগত মকড্ৰিল - Mock Drill For Flood Preparedness in Majuli
🎬 Watch Now: Feature Video
মাজুলী, 30 মাৰ্চ: মাজুলী পতিয়া অঞ্চলত হাহাকাৰ । বানে ভাঙিলে পতিয়াৰ চুইছ গেট ৷ উদ্ধাৰ কাৰ্যত নামিল এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দল ৷ লগতে স্থাপন হ'ল চিকিৎসা আৰু সাহাৰ্য শিবিৰ ৷ প্ৰকৃততে এইয়া আগন্তক বানৰ বাবে সাজু হ'ব পৰাকৈ মাজুলী জিলা প্ৰশাসনৰ মকড্ৰিল (Conduct of Flood Mock drill in Majuli) ৷
মাজুলীত আগন্তক বানৰ বাবে সাজু হ'ব পৰাকৈ মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ'ল মকড্ৰিলৰ কাৰ্যসূচী ৷ 29 মাৰ্চত মাজুলীৰ পতিয়া অঞ্চলত অনুষ্ঠিত হ'ল এই মকড্ৰিল (Mock Flood Exercises in Majuli) ৷ বানৰ সময়ত গ্ৰহণ কৰিব লগা উদ্ধাৰ কাৰ্য আৰু তৎপৰতা সন্দৰ্ভত অনুষ্ঠিত হয় এই মকড্ৰিল (Assam State Disaster Management Authority) ৷
মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত শ্ৰী বিপুল কুমাৰ দাসৰ নেতৃত্বত অনুষ্ঠিত এই মকড্ৰিল কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ ফুকন, সহকাৰী আয়ুক্তৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু বিভিন্ন বে-চৰকাৰী সংস্থাৰ প্ৰতিনিধিসকল উপস্থিত আছিল (Mockdrill on Flood in Majuli) । তাৰোপৰি অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ, মাজুলী জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে এই মকড্ৰিলত (Mock Drill For Flood Preparedness in Majuli) ৷