Summer Workshop at Kaliabor: সামৰণি পৰিল কলিয়াবৰত আয়োজন গ্ৰীষ্মকালীন কৰ্মশালাৰ

By

Published : Jul 30, 2023, 2:01 PM IST

thumbnail

কলিয়াবৰ, 30 জুলাই : দেওবাৰে সামৰণি পৰে কলিয়াবৰত অনুষ্ঠিত হৈ থকা দহ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা ৷ গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীক সুকুমাৰ কলাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ লগতে তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হৈছিল এই কৰ্মশালাখনি ।  

কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাটবৰৰত অনুষ্ঠিতত হোৱা এই কৰ্মশালাখনিত বহু প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লোৱা পৰিলক্ষিত হয় ৷ গ্ৰীষ্মকালীন কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত সত্ৰীয়া নৃত্য, বৰগীত আদি পৰিৱেশন কৰে প্ৰশিক্ষাৰ্থীসকলে । এই কৰ্মশালাখনি সামৰণি অনুষ্ঠানত কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে ।

লগতে পঢ়ক : Farmers now busy in Paddy field : ডিব্ৰুগড়ত শাওনৰ পথাৰত ব্যস্ততা বাঢ়িছে চহা কৃষকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.