Bagurumba dance workshop: নামৰূপত সামৰণি পৰিল বাগৰুম্বা নৃত্যৰ কৰ্মশালা

By

Published : Jul 31, 2023, 9:27 AM IST

thumbnail

নাহৰকটীয়া, 31 জুলাই : বাগৰুম্বা নৃত্য-গীতেৰে মুখৰিত হৈ পৰিল নামৰূপৰ কছাৰী পথাৰ ৷ বাগৰুম্বা গীতৰ তালে তালে নাচিছে বড়ো যুৱতীসকলে । কিয়নো মূলতঃ শিপাৰ সৈতে নতুন প্ৰজন্মক চিনাকী কৰাই দিবৰ বাবেই এল বি ফাউণ্ডেচন নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে বড়ো জনবসতি প্ৰধান এই গাঁওখনত বিগত এটা পষেক ধৰি অনুষ্ঠিত কৰি আহিছে বাগৰুমা নৃত্যৰ প্ৰশিক্ষণ ৷

নামনি অসমৰ বিশেষজ্ঞ প্ৰশিক্ষকে দি আহিছে বাগৰুমা নৃত্যৰ এই প্ৰশিক্ষণ ৷ শনিবাৰে আছিল বাগৰুমা নৃত্যৰ এই প্ৰশিক্ষণৰ অন্তিমটো দিন ৷ বাগৰুমা নৃত্যৰ প্ৰশিক্ষণৰ অন্তিমটো দিনৰ লগত সংগতি ৰাখি এল বি ফাউণ্ডেচন নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আয়োজন কৰে এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ ৷ এই স্বাস্থ্য শিবিৰটোত অঞ্চলটোৰ কাষৰীয়া গাঁৱৰ বহু ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : Summer Workshop at Kaliabor: সামৰণি পৰিল কলিয়াবৰত আয়োজন গ্ৰীষ্মকালীন কৰ্মশালাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.