মৰাণৰ তিলৈ নগৰত সম্পন্ন টাইকোৱাণ্ডোৰ বেল্টৰ পৰীক্ষা - স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়
🎬 Watch Now: Feature Video


Published : Nov 27, 2023, 7:04 AM IST
ডিব্ৰুগড়, 27 নৱেম্বৰ : মৰাণৰ তিলৈ নগৰত অৱস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ । খেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক নিয়মানুৱৰ্তিতা, সময়ৰ সদব্যৱহাৰ কৰোৱাৰ প্ৰয়াস বিদ্যালয়খনৰ । মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ সহযোগত বিদ্যালয়খনে আৰম্ভ কৰে এই টাইকোৱাণ্ডো খেলৰ প্ৰশিক্ষণ ।
ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ বাবে মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক স্বাস্থ্য বিকাশৰ ক্ষেত্ৰত বিভিন্ন খেলা-ধূলা প্ৰয়োজনীয়তা আছে ৷ সেয়ে এই টাইকোৱাণ্ডো খেলৰ সহায়ত আত্মৰক্ষা আৰু ম’বাইল আসক্তিৰ পৰা ছাত্ৰ-ছাত্ৰীক মুক্ত কৰি কায়িক আৰু মানসিকভাৱে শক্তিশালী কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷
প্ৰায় ছয় মাহ ধৰি চলা এই প্ৰশিক্ষণত বিদ্যালয়খনৰ মুঠ ১৭৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । প্ৰশিক্ষণৰ অন্তত দেওবাৰে বিদ্যালয়খনত প্ৰশিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত হয় ‘বেল্ট’ৰ পৰীক্ষা ৷ এই পৰীক্ষাত মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ বিষয়ববীয়া আৰু প্ৰশিক্ষক উপস্থিত থাকে ৷
লগতে পঢ়ক : ধেমাজিত আন্তঃবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত