Number of devotees at the Ambubachi Mela:পূৰ্বৰ তুলনাত অম্বুবাচী মেলাত বৃদ্ধি পাইছে ভক্তৰ সংখ্যা

By

Published : Jun 28, 2023, 4:52 PM IST

thumbnail

গুৱাহাটী, ২৮ জুন : এইবেলি অম্বুবাচী মেলাত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে ভক্তৰ সংখ্যা ।  দেশ বিদেশৰ ভক্তই মা কামাখ্যাৰ আশিস ল’বলৈ ভিৰ কৰিছেহি অম্বুবাচী মেলাত । কামাখ্যা মন্দিৰ পৰিচালনা সমিতি বিষয়ববীয়া ভাস্কৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত জনাই, "নামনি কামাখ্যাৰ পৰা কামাখ্যা মন্দিৰ প্ৰাংগণলৈ খোজ কাঢ়ি অহা হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে । আমি কেতিয়াও পূৰ্বে এনে সমাগম দেখা নাছিলো । নিশা ৯ বজাত গেট বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছিল যদিও ভক্তৰ সমাগমৰ বাবে নিশা ১ বজালৈ খুলি ৰাখিব লগীয়া হৈছে" ।

নিয়াৰিকৈ অম্বুবাচী মেলাখন চলাই নিয়াৰ বাবে প্ৰশাসনৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি তেওঁ লগতে কয় বিদেশী পৰ্যটকৰ তুলনাত দেশীয় ভক্তৰ সমাগম অম্বুবাচী মেলাত যথেষ্ট বেছি দেখিবলৈ পোৱা গৈছে । পূৰ্বে উত্তৰ ভাৰতৰ লোক বেছি অহা দেখা গৈছিল যদিও এতিয়া দক্ষিণ ভাৰতৰ লগতে সমগ্ৰ দেশৰ পৰা ভক্ত আহিছে । অম্বুবাচী মেলাত কিমান ভক্তৰ সমাগম হৈছে তাক সঠিক ভাৱে ক’ব পৰা নাযায় । উল্লেখ্য যে ২২-২৬ জুনলৈ ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল অম্বুবাচী মেলা । এই মেলাত মা কামাখ্যাত আশিস লবলৈ দেশ বিদেশৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছিল ।

লগতে পঢ়ক : Assam CM in Kamakhya Temple : আশীৰ্বাদ বিচাৰি শক্তিপীঠ কামাখ্যাত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.