Commonwealth Weightlifting Championships 2023: স্বৰ্ণ পদকেৰে উজলিল কপিল আৰু সিদ্ধান্ত - কমনৱেলথ ভাৰত্তোলনত উজ্বলিল কপিল সোণোৱাল
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 15 আগষ্ট: দেশৰ ক্ৰীড়া ক্ষেত্ৰত পুনৰ উজলিল অসমৰ দুই খেলুৱৈ । কমনৱেলথ ভাৰত্তোলনত দুই অসম সন্তানে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । চৰাইদেউ জিলাৰ প্ৰতিভাৱান খেলুৱৈ সিদ্ধান্ত গগৈ আৰু কপিল সোণোৱালে কমনৱেলথ ভাৰত্তোলনত স্বৰ্ণ পদক জয়েৰে জিলাখনৰ লগতে অসমকো গৌৰাম্বিত কৰি তুলিলে ৷
স্বৰ্ণ বিজয়ী দুই খেলুৱৈ সেমবাৰে গৃহ জিলাত উপস্থিত হোৱাৰ পাচতে উষ্ম আদৰণি জনালে চৰাইদেউবাসীয়ে । উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ নয়দাত ১১ জুলাইৰ পৰা অনুষ্ঠিত হৈছিল কমনৱেলথ ভাৰত্তোলন প্ৰতিযোগিতা । প্ৰতিযোগিতাখনত ৬১ কেজিৰ জুনিয়ৰ শাখাত সিদ্ধান্ত গগৈয়ে অৰ্জন কৰিছে স্বৰ্ণ পদক। সিদ্ধান্তই স্নেচত ১১২ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৪৮ কেজি উত্তোলন কৰি এই সফলতা অৰ্জন কৰিছে ।
আনহাতে চৰাইদেউৰ যুৱক কপিল সোণোৱালে এটা সোণৰ পদক আৰু এচিয়ান ভাৰত্তোলনত দুটা স্বৰ্ণ পদক লাভেৰে চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে । ‘‘এইবাৰ লক্ষ্য আগন্তুক দিনত হ’ব লগা অলিম্পিক গেমছ’’ এই মন্তব্য দুই স্বৰ্ণ বিজয়ী খেলুৱৈৰ ৷