এএছটিচি চিটি কেব আৰু এএছটিচি বাছত ইউ পি আইৰ সংযোজন - অসম ৰাজ্যিক পৰিবহন নিগম

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 7:20 PM IST

গুৱাহাটী, 17 নৱেম্বৰ : অসম ৰাজ্যিক পৰিবহন নিগমত নতুন সংযোজন ৷ শুকুৰবাৰৰ পৰা এ এছ টি চি চিটি কেব আৰু এ এছ টি চি বাছত সংযোজন হ’ল ইউ পি আই (UPI) ৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই যাত্ৰীৰ সুবিধাৰ্থে আজিৰে পৰা এ এছ টি চি চিটি কেব আৰু এ এছ টি চি বাছত ইউ পি আইৰ সংযোজন আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

এতিয়াৰে পৰা ভাড়া দিওঁতে হাতত নগদ ধন নাথাকিলেও চিন্তা কৰিবলগীয়া নাই ৷ গ্ৰাহকে ইউ পি আইৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব ভাড়া ৷ এই অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবদ্যই উপস্থিত থাকি কয় যে, এতিয়াৰে পৰা যাত্ৰী সকলে ইউ পি আইৰ জৰিয়তে গাড়ীৰ ভাড়া আদায় দিব পাৰিব ৷ ইয়াৰ পৰা যাত্ৰী, চালক, বিভাগৰ সুবিধা হ'ব ৷  

এই সেৱা সম্পূৰ্ণৰূপে আসোঁৱাহমুক্ত কৰাৰ বাবে ফোনপে (Phonepe)ৰ সৈতে একত্ৰিকৰণৰ দ্বাৰা বাণিজ্যিক প্ৰসাৰৰ দিশত অসম ৰাজ্যিক পৰিবহন নিগমে পদক্ষেপ লৈছে ৷ যাৰ সহায়ত যাত্ৰীসকলে যিকোনো পছন্দৰ ইউ পি আইৰ জৰিয়তে ভাড়া পোনপটীয়াকৈ চালকক পৰিশোধ কৰিব পাৰিব ৷ 

লগতে পঢ়ক : ৩৩ খন জিলাৰ কাৰ্যালয়ত মাত্ৰ ১০জন বিষয়া; ব্যাহত অসম বীজ নিগমৰ কাম-কাজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.