thumbnail

By

Published : May 18, 2023, 5:15 PM IST

ETV Bharat / Videos

Lat Mandal arrested: ৪ হাজাৰ টকাৰ ঘোচ লৈ হাত দাঙিলে লাট মণ্ডলে

নগৰবেৰা, ১৮ মে’:ৰাজ্যত অব্যাহত আছে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্য়মন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (Anti corruption brunch operation)। প্ৰতিদিনে ইজনৰ পিছত সিজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত (Lat Mandal arrested in Nagarbera)। এইবাৰ জালত পৰিল আন এজন লাট মণ্ডল । বৃহস্পতিবাৰে নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মহেন্দ্ৰ নাথক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ।

উল্লেখ্য় যে মালিবাৰী সত্ৰ গাঁৱৰ আব্বাছ আলী নামৰ যুৱকজনৰৰ পৰা মাটি বাৰীৰ কাম কাজৰ নামত ৪ হাজাৰ টকা লৈ থকাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ হয় লাট মণ্ডলজন । আব্বাছ আলী নামৰ যুৱকজনে বসুন্ধৰাৰ জড়িয়তে ২ কঠা চৰকাৰী ভূমি ম্যাদী কৰাৰ বাবে কৰিছিল আবেদন । উল্লেখ্য যে, কিছুদিন পূৰ্বেও উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল কাৰ্যালয়টোৰ আন এজন লাট মণ্ডল মদন নাথ ।

লগতে পঢ়ক:Death anniversary of Parag Kumar Das: ২৭ সংখ্যক মৃত্যু তিথিত পৰাগ দাসক স্মৰণ যোৰহাটবাসীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.