thumbnail

By

Published : Jul 1, 2023, 7:39 PM IST

ETV Bharat / Videos

CM on Dighalipukhuri: দীঘলীপুখুৰীক গুজৰাটৰ প্ৰতিষ্ঠানক গতোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়, 1 জুলাই: ৰাজ্যৰ পৰ্যটন বিভাগে দীঘলীপুখুৰীক বহিৰাগত প্ৰতিষ্ঠানৰ হাতত গতাই দিয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ পৰ্যটন বিভাগৰ এই সিদ্ধান্তক লৈ সমগ্ৰ ৰাজ্য প্ৰতিবাদমুখৰ হৈ থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷  

ডিব্ৰুগড়ত সাংবাদিকে এই সন্দৰ্ভত প্ৰশ্ন কৰাত সমগ্ৰ বিষয়টোত অজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, ‘‘কেৱল চোৱা-চিতাৰ কামৰ বাবে গুজৰাটৰ কোনো প্ৰতিষ্ঠান নাহে ৷ এই সম্পৰ্কত পৰ্যটন বিভাগৰ লগত কথা পতা হ’ব ৷ যদি কিবা প্ৰযুক্তি আনিছে তেন্তে বেলেগ কথা ৷ কিন্তু কেৱল চাফ-চিকুণ কৰাৰ বাবে যদি কাৰোবাক দিয়া হৈছে, সেয়া ভুল হৈছে ৷’’ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Dighalipukhuri: গুজৰাটী বণিয়াক দীঘলীপুখুৰী গতোৱাৰ বিৰুদ্ধে সৰৱ AICCTU-তৃণমূল কংগ্ৰেছ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.