thumbnail

By

Published : Mar 31, 2023, 6:59 PM IST

ETV Bharat / Videos

Kamrup District Day: কামৰূপ জিলা দিৱসত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

বাইহাটা, 31 মাৰ্চ: শুকুৰবাৰে কামৰূপ জিলা দিৱস উপলক্ষে জিলাখনৰ সংহত উপায়ুক্ত কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয় বৰ্ণাঢ্য কাৰ্যসূচী (Kamrup district day observed) ৷ কামৰূপ জিলা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলা সংহত উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত নিৰ্মাণ কৰি উলিওৱা বীৰ লাচিত বৰফুকনৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷  

প্ৰতিমূৰ্তি উন্মোচন কৰি জিলাবাসীক জিলাখনৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘লাচিত বৰফুকনৰ স্মৃতি সমগ্ৰ কামৰূপ জিলাতে বিয়পি আছে ৷ লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যক সমগ্ৰ বিশ্বতে বিয়াপাই দিবলৈ সক্ষম হ’ব চৰকাৰ ৷ ৰাজ্যৰ প্ৰায়সমূহ ঐতিহাসিক স্থানতে পূৰ্বৰ চৰকাৰসমূহে ম্যাদী পট্টা দি থৈছে আৰু পৰ্যায়ক্ৰমে আলাপ-আলোচনাৰ মাধ্যমেৰে ৰাজ্যৰ অন্যান্য ঐতিহাসিক স্থানসমূহৰ লগতে কামৰূপ জিলাৰ লাচিত গড়ো বেদখল মুক্ত কৰা হ’ব (Guwahati Lachit Garh) ৷’’

লগতে পঢ়ক: Lovlina Borgohain: বক্সিং চেম্পিয়ন লাভলীনাক অসম আৰক্ষীৰ সম্বৰ্ধনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.