thumbnail

Negheriting Shiva Doul : ঐতিহ্যমণ্ডিত নেঘেৰিটিঙ শিৱ দৌলত সেৱা ল'লে মুখ্যমন্ত্ৰীয়ে

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:15 PM IST

যোৰহাট, 28 ছেপ্টেম্বৰ : অসমবাসীৰ মংগল কামনাৰে ঐতিহ্যমণ্ডিত নেঘেৰিটিঙ শিৱদৌলত সেৱা ল'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বৃহস্পতিবাৰে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত (দেৰগাঁৱ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়)ৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰাৰ পাছতেই দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত নেঘেৰিটিঙ শিৱ দৌলত সেৱা লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

নেদেখা জনৰ ওচৰত ধূপ-চাকি-নৈবদ্য আগৱঢ়াই অসমবাসীৰ মংগল কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ঐতিহাসিক নেঘেৰিটিঙ শিৱ দৌলৰ অভাৱ-অভিযোগ সমূহ শীঘ্ৰেই সমাধান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কৃষি মন্ত্ৰী অতুল বৰা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে ৷ 

লগতে পঢ়ক : Cricket World Cup 2023 : বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ চাৰিখনকৈ ৱার্ম-আপ মেচ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.