মুখ্যমন্ত্ৰী আৰু আজমলৰ পুত্তলিকা দাহেৰে কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ - বদৰুদ্দিন আজমল
🎬 Watch Now: Feature Video


Published : Nov 30, 2023, 10:36 PM IST
কৰিমগঞ্জ, 30 নৱেম্বৰ : কৰিমগঞ্জৰ ৰাজপথত একেলগে জ্বলিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ পুত্তলিকা ৷ পুত্তলিকা দাহেৰে ক্ষোভিত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰদিবাদ ৷ কৰিমগঞ্জত কংগ্ৰেছ কৰ্মীক আক্ৰমণৰ পাঁচ দিনৰ পাছতো আৰক্ষীয়ে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰাৰ বাবেই এইদৰে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে বিধায়ক তথা কংগ্ৰেছ নেতা কমলাক্ষ দে’ পুৰকায়স্থই ৷
উল্লেখ্য যে, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ নেতৃত্বত কংগ্ৰেছৰ এটা দলে বুধবাৰে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসক ঘটনা সন্দৰ্ভত এখন স্মাৰক পত্ৰ দাখিল কৰি আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ৷ ইয়াৰ পাছতেই বৃহস্পতিবাৰে এই ঘটনাৰ প্ৰতিবাদত জিলা কংগ্ৰেছকে ধৰি দলৰ বিভিন্ন শাখাৰ যৌথ উদ্যোগত এক বিশাল প্ৰতিবাদী সভাৰ আয়োজন কৰা হয় ৷ সভাত প্ৰতিবাদকাৰী সকলে এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে আক্ৰমণকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ৷
ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, জিলা কংগ্ৰেছৰ সভাপতি ৰজত চক্ৰৱৰ্তী, প্ৰাক্তন মন্ত্ৰী আব্দুল মুক্তাদিৰ চৌধুৰী, আবু ছালেহ নাজমুদ্দিন, হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতিৰ লগতে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে ৷
লগতে পঢ়ক : কৰিমগঞ্জত 5 অপৰাধীক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড