Baresaharia Bhaona Mahotsav 2023 : সামৰণি পৰিল বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ - Baresaharia Bhaona of Jamugurihat Sonitpur
🎬 Watch Now: Feature Video

চতিয়া,১০ মাৰ্চ: নিজম পৰিল জামুগুৰিহাটৰ পকামুৰা পথাৰ । জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ অন্তিম কাৰ্য্যসূচী বাৰেবৰণীয়া সাংস্কৃতিক সমাৰোহৰ বৃহস্পতিবাৰে নিশা ২:৩০ মান বজাত সফল সমাপ্তি ঘটে(Baresaharia Bhaona of Jamugurihat Sonitpur) ৷ এই সাংস্কৃতিক সমাৰোহৰ শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই(Closing ceremony of Bareshahria Bhaona Mahotsav) ৷
মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ পাপন মহন্ত আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং, আৰক্ষী উপ মহা পৰিদৰ্শক পাৰ্থ সাৰথি মহন্তৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে । বাৰেৰহণীয়া নৃত্য-গীতৰে অনুষ্ঠিত উক্ত সাংস্কৃতিক সমাৰোহত লোকে লোকাৰণ্য হৈ পৰে পকামুৰা পথাৰ ৷
উল্লেখ্য যে, ৭ মাৰ্চৰ পৰা আৰম্ভ হৈছিল ২২৬ সংখ্যক বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী(226th Baresaharia Bhaona Mahotsav 2023) । সাম্প্ৰতিক সময়ৰ সমাজ জীৱনৰ প্ৰাণ প্ৰাচুৰ্যৰ বিপৰীতে পৰম্পৰাগত সংস্কৃতি অটুট ৰাখি অনুষ্ঠিত কৰা হয় এই বাৰেচহৰীয়া ভাওনা । বাৰেচহৰীয়া ভাওনাস্থলীত উপস্থিত হৈ আপ্লুত হৈ পৰে জনপ্ৰিয় কণ্ঠ শিল্পী অংগৰাগ পাপন মহন্ত । এনে পৰিৱেশ বিশ্বৰ কোনো স্থানতেই দেখা নাই বুলি উল্লেখ কৰে বিশ্বৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন কৰি অসমৰ নাম বিশ্ব দৰবাৰত জিলিকাই তোলা শিল্পীগৰাকীয়ে ।
লগতে পঢ়ক: Mla Akhil Gogoi on price rise: বিধানসভা চৌহদত মূল্যবৃদ্ধিক লৈ সৰৱ বিধায়ক অখিল গগৈ