Civil service workshop at Teok: টীয়কত অসামৰিক সেৱা পৰীক্ষাৰ বিনামূলীয়া কৰ্মশালা - চিভিল চাৰ্ভিচেছ এছিভাৰ্ছ পইন্ট

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 28, 2023, 3:26 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

28 জানুৱৰী, টীয়ক: ঢেকীয়াখোৱা বৰনামঘৰৰ উদ্যোগত অসামৰিক সেৱা পৰীক্ষাৰ কৰ্মশালা(Civil service workshop at Teok) ৷ পুৰণি গুৰুকুলৰ শিক্ষা গ্ৰহণ প্ৰণালীক আদৰ্শ হিচাপে লৈ এই প্ৰণালীক পুনৰ উজ্জীৱিত কৰাৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ(Dhekiakhowa Bornamghar) পৰিচালনা সমিতিৰ সহযোগত শনিবাৰৰ পৰা এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ৷ 

চিভিল চাৰ্ভিচেছ এছিভাৰ্ছ পইন্ট(Civil Service Achievers Point)ৰ সঞ্চালক ৰাজদ্বীপ লেখাৰুৰ তত্বাবধানত অসামৰিক সেৱাৰ পৰীক্ষা (IAS,IPS,ACS,APS) আৰু অন্যান্য চৰকাৰী পৰীক্ষা আদিৰ ওপৰত অনুষ্ঠিত হৈছে বিনামূলীয়া কৰ্মশালা ৷  

ঢেকীয়াখোৱা বৰনামঘৰৰ সমীপৰ পৰ্যটন ভৱনত অনুষ্ঠিত হোৱা কৰ্মশালাটিত মূল বক্তা হিচাপে জিলা সহকাৰী আয়ুক্ত তথা চি এছ এ পিৰ প্ৰাক্তন ছাত্ৰী সুমন দাস, সহকাৰী আয়ুক্ত তথা চি এছ এ পিৰ প্ৰাক্তন ছাত্ৰী শিখা নাথ বিশেষভাৱে উপস্থিত থাকি ছাত্ৰছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৷  

উল্লেখযোগ্য যে, অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্য চি এছ এ পিয়ে(CSAP) বিনামূলীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এইদৰে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আৰু এই কৰ্মশালাই নৱপ্ৰজন্মৰ বাবে বিশেষ সহায়ক হৈছে বুলি জানিব পৰা গৈছে । ইফালে এই কৰ্মশালাত ঢেকীয়াখোৱা অঞ্চলৰ প্ৰায় চল্লিছৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক: Assam next DGP : জি পি সিং হ'ব অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.