Protest at Chachal : ন্যাৰ্য প্ৰাপ্তিৰ দাবীত অংগনৱাড়ী কর্মী-সহায়িকা, আশা কৰ্মীৰ প্ৰতিবাদত উত্তাল চচল - প্ৰতিবাদত উত্তাল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-09-2023/640-480-19487296-thumbnail-16x9-chachal.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 11, 2023, 8:43 PM IST
গুৱাহাটী, 11 ছেপ্টেম্বৰ : অংগনৱাড়ী কর্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলক চৰকাৰে দিয়া নূন্যতম মাননীৰ সলনি মজুৰি প্ৰদান কৰাৰ দাবী তুলি চি আই টি ইউ, অসম ৰাজ্যিক সমিতিৰ উদ্যোগত সোমবাৰে চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ, পোষ্টাৰ লৈ শ্ৰম আইন অনুসৰি শ্ৰমিকৰ মজুৰি ধাৰ্য কৰা, আশা কর্মীসকলক চৰকাৰৰ স্বাস্থ্য দপ্তৰৰ অধীনত নিয়মীয়া কৰ্মচাৰী হিচাপে গণ্য কৰা, আশা কৰ্মীসকলৰ বাবে ন্যূনতম মজুৰি ২১,০০০ টকা ধাৰ্য কৰাৰ দাবী উত্থাপন কৰে ৷,
লগতে মজুৰি নিৰ্ধাৰণ নোহোৱালৈকে বৰ্তমান জীৱন নিৰ্বাহৰ খৰছ অনুপাতে সন্মানজনক মাননি দিয়া, আশা কৰ্মীসকলৰ বাবে প্ৰভিডেণ্ট ফাণ্ড, গ্ৰেচুইটি, পেঞ্চনৰ ব্যৱস্থা কৰা, আশা কৰ্মীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসা-স্বাস্থ্য সম্পর্কিত ব্যয়ৰ ক্ষেত্ৰত ই এছ আইৰ দৰে সুবিধা প্ৰদান কৰা, অসমত শ্ৰম কোডৰ প্ৰয়োগ বন্ধ ৰখা আদিকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চি আই টি ইউৰ সাধাৰণ সম্পাদক তপন শৰ্মাই ৷
লগতে পঢ়ক : Scam in PDS rice in Assam:লাহোৱালত ১১ মাহে শ্ৰমিকে পোৱা নাই বিনামূলীয়া চাউল