thumbnail

By

Published : Jun 5, 2023, 3:30 PM IST

ETV Bharat / Videos

world Environment day: "উন্নয়নৰ নামত গছ-গছনি কাটি পৰিৱেশ নষ্ট নকৰিব"- গ্ৰীণ গুৱাহাটী

গুৱাহাটী, ৫ জুন: আজি বিশ্ব পৰিৱেশ দিৱস ৷ বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে সোমবাৰে মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত Citizens forum for Green Guwahati ৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (world Environment day) ৷ পৰিৱেশ বচাওক, গুৱাহাটী বচাওক, তথাকথিত উন্নয়নৰ পৰা গুৱাহাটীৰ গছ-গছনি বচাও শীৰ্ষক বিষয়ত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে সংস্থাটোৱে । এই কাৰ্যসূচীত একাংশ সচেতন লোকৰ লগতে ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে (world Environment day observed in Guwahati) ।  

Citizens forum for Green Guwahati আহ্বায়ক সুব্ৰত তালুকদাৰে কয় যে, চৰকাৰৰ পৃষ্ঠপোষকতাত বৰ্তমান উন্নয়ণ কামসমূহত ব্যাপক ৰূপত পৰিৱেশৰ ওপৰত অত্যাচাৰ কৰা হৈছে। তাৰ প্ৰভাৱ গুৱাহাটী মহানগৰীৰ বেছিকৈ পৰিছে । তাৰ পৰিণাম গুৱাহাটীবাসীয়ে ভুগিছে । জালুকবাৰীৰ পৰা খানাপাৰালৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো ছয় লেনযুক্ত কৰাৰ নামত সাত হাজাৰতকৈও অধিক গছ কটা হৈছে । উৰণীয়া সেতু নিৰ্মাণৰ নামত জু-ৰোডত বহু গছ কাটিলে । এতিয়া ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ নতুন উৰণীয়া সেতু নিৰ্মাণ কৰিব । তথাকথিত উন্নয়নৰ নামত পৰিৱেশ ধ্বংস কৰিব নালাগে ।  

ইয়াৰোপৰি প্ৰস্তাৱিত উৰণীয়া সেতুখনৰ নিৰ্মাণৰ নামত যদি গছ কাটিবলৈ চেষ্টা কৰা হয় তাক বাধা দিয়া হ’ব বুলি জানিবলৈ দিয়ে আহ্বায়কগৰাকীয়ে ৷  অহা সাতদিনৰ ভিতৰত জিলা উপায়ুক্তক সাক্ষাৎ কৰি উন্নয়ন, উৰণীয়া সেতু আৰু পথ বহলীকৰণৰ নামত গছ-গছনি নাকাটিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে সুব্ৰত তালুকদাৰে ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.