মুখা ভাওনা উপভোগ কৰিলে CISF ৰ কামাণ্ডাৰে - Mukha Silpa of Majuli

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 2:01 PM IST

মাজুলী, ১৬ ডিচেম্বৰ: মাজুলীৰ চামগুৰি সত্ৰত 'দুন্দুভী বধ' মুখা ভাওনা উপভোগ কৰিলে CISF ৰ কামাণ্ডাৰে । শুকুৰবাৰে মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰত উপস্থিত হয় CISF ৰ কামাণ্ডাৰগৰাকী । সত্ৰত উপস্থিত হোৱাৰ পিছতে কৰ্নেলগৰাকীক সত্ৰৰ ফালৰ পৰা আদৰণি জনায় । ইয়াৰ পিছতে মুখা শিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰত নিৰ্মিত তথা ২০১৮ চনৰ গণৰাজ্য দিৱসৰ দিল্লীৰ কাৰ্যসূচীত অসমৰ প্ৰতীক পটত প্ৰদৰ্শন কৰি দ্বিতীয় স্থান অধিকাৰ কৰা মুখা সমূহৰ লগতে অঘাসুৰ, কুম্ভকৰ্ণ, বকাসুৰ আদি মুখাসমূহ দৰ্শন কৰে কামাণ্ডাৰগৰাকীয়ে ।  

মাজুলী চামগুৰি সত্ৰৰ বাকৰিত CISF ৰ কৰ্ণেলৰ সন্মূখত চামগুৰি সত্ৰৰ ফালৰ পৰা বিভিন্ন মুখা প্ৰদৰ্শন কৰে । এটা প্ৰকাণ্ড অজগৰে গোটে গোটে গিলাহৰ গিলিলে এটি দৃশ্যও উপভোগ কৰে কৰ্ণেলগৰাকীয়ে । ইয়াৰ পিছতে চামগুৰি সত্ৰৰ শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শিত মুখা ভাওনা 'দুন্দুভী বধ' উপভোগ কৰি কৰ্নেলগৰাকী আপ্লুত হৈ পৰে ।

লগতে পঢ়ক: অৰুণাচলৰ ডাম্বুকত উছৱমুখৰ পৰিৱেশ, আৰম্ভ হ’ল অৰেঞ্জ মহোৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.