Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ জখলাবন্ধাত অপৰাধ অনুসন্ধান শাখাৰ দল - অপৰাধ অনুসন্ধান শাখা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 17, 2023, 6:04 PM IST

নগাঁও, 17 মে’: পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু হোৱা আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ তৎপৰতা ৷ আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দেশৰ পাচতে জখলাবন্ধাত উপস্থিত অপৰাধ অনুসন্ধান শাখাৰ এটা দল (CID team at Jakhalabandha) ৷  

অপৰাধ অনুসন্ধান শাখাৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত তিনিজনীয়া এটা দল উপস্থিত হয় দুৰ্ঘটনাস্থলীত ৷ লোকনিৰ্মাণ বিভাগ আৰু পৰিবহন বিভাগৰ বিষয়া আৰু জখলাবন্ধা আৰক্ষীৰ দলে সহযোগ কৰিছে অনুসন্ধানকাৰী দলটোক ৷ জখলাবন্ধা আৰক্ষী নিৱেশলৈ গৈ দুৰ্ঘটনাত পতিত দুয়োখন গাড়ী পৰ্যবেক্ষণ কৰে দলটোৱে ( Junmoni Rabha mysterious death) ৷  

আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ সোমবাৰে নিশা এক পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল ৷ কলিয়াবৰৰ সৰুভগীয়াৰ শ্ৰীশ্ৰীশিপহা সত্ৰৰ সন্মুখৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই  দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উত্থাপিত সন্দেহ আৰু অভিযোগৰ পাচতেই বিষয়টো তদন্তৰ বাবে অপৰাধ অনুসন্ধান শাখাক অৰ্পণ কৰা হয় তদন্তৰ দায়িত্ব (SI Junmoni Rabha)  ৷

লগতে পঢ়ক: Junmoni Rabha death case: ৰহস্যৰ আৱৰ্তত জোনমণিৰ মৃত্যু; তদন্ত বিচাৰিছে বিভিন্নজনে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.