thumbnail

গুৱাহাটীৰ হোটেলত উদ্ধাৰ CID বিষয়াৰ মৃতদেহ

By

Published : Sep 13, 2022, 3:03 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

গুৱাহাটী মহানগৰীৰ বৰা ছাৰ্ভিচত উদ্ধাৰ CID বিষয়াৰ মৃতদেহ (CID officer dead body rescued in Guwahati) । বৰা ছাৰ্ভিচৰ হোটেল ভগবানত উদ্ধাৰ হৈছে CID বিষয়াৰ মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো CID-ৰ সহকাৰী উপ-পৰিদৰ্শক (ASI) নিৰ্মল ভূঞাৰ । বিগত ৫ এপ্ৰিলৰ পৰা হোটেলখনত আছিল নিৰ্মল ভূঞা (CID officer found death in Guwahati hotel) । ২০১ নম্বৰ কোঠাত উদ্ধাৰ হৈছে নিৰ্মল ভূঞাৰ মৃতদেহ । জানিব পৰা মতে, নিৰ্মল ভূঞাৰ ঘৰ নলবাৰীত । হোটেল কৰ্তৃপক্ষৰ মতে, বিষয়াগৰাকীৰ স্বাস্থ্য সুস্থ নাছিল । দেওবাৰৰ পৰা কোনো যোগাযোগ হোৱা নাছিল হোটেল কৰ্তৃপক্ষৰ লগত । আজি ঘটনা সন্দৰ্ভত হোটেল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কোঠাৰ দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰে । তাৰ পিছতে বিছনাত পৰি থকা অৱস্থাত নিৰ্মল ভূঞাৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে (Guwahati police rescued CID officer dead body) ।
Last Updated : Feb 3, 2023, 8:27 PM IST

For All Latest Updates

TAGGED:

ASI

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.