Chirang sluice gate: খহি মাটিৰ তললৈ সোমাই গৈ আছে জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেট - Chirang sluice gate
🎬 Watch Now: Feature Video
Published : Aug 29, 2023, 8:42 PM IST
চিৰাং, 29 আগষ্ট : কেইবাদিনৰ পৰা হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত চিৰাঙৰ লাওৰিপাৰা মৰাভুৰৰ জুইলগা নৈৰ জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেট ভাগি তললৈ সোমাই গৈছে । চিন্তিত বৃহৎ অঞ্চলৰ কৃষক । চিৰাঙৰ লাওৰিপাৰা মৰাভুৰৰ জুইলগা নৈৰ জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেট বহি গৈছে । কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে চিৰাং জিলাৰ কেইবাখনো নৈৰ জলস্তৰ । ফলত নৈ পৰীয়া ৰাইজ শংকিত হৈ পৰিছে । যোৱা নিশা ধাৰাষাৰ বৰষুণৰ ফলত চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত লাওৰিপাৰা মৰাভুৰৰ জুইলগা নদী জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেটখন ভাঙি যোৱাত কেইবাখনো গাঁৱৰ লোক শংকিত হৈ পৰিছে । শ্লুইচ গেটখন সম্পূৰ্ণৰূপে ভাঙি গ’লে কেইবাশ কৃষি ভূমি ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ’ব বুলি শংকিত হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল ।
উল্লেখ্য যে, ২০১৫ চনতে নিৰ্মাণ কৰা জলসিঞ্চন প্ৰকল্পটোৰ শ্লুইচ গেটখন কেনেবাকৈ সম্পূৰ্ণৰূপে তললৈ সোমাই যায় বুলি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ লগতে তেওঁলোকে কয় যে এই শ্লুইচ গেটৰ নিৰ্মাণ কাৰ্যত নিশ্চয়কৈ দুৰ্নীতি হৈছে । এই ক্ষেত্ৰত চৰকাৰে শীঘ্ৰই ব্যৱস্থা ল’ব লাগে বুলিও দাবী জনায় কৃষক তথা স্থানীয় লোকে । অন্যথা পানীত হাঁহ নচৰা অৱস্থা হ’ব বৃহত্তৰ অঞ্চলৰ কৃষকসকলৰ ।