Childrens Day 2023: হিয়া আৰ্ট এণ্ড ডাঞ্চ একাডেমীত শিশু দিৱস উদযাপন - Childrens Day celebration in Assam
🎬 Watch Now: Feature Video


Published : Nov 14, 2023, 4:44 PM IST
গুৱাহাটী,১৪ নবেম্বৰ: আজি ১৪ নৱেম্বৰ । দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন । পণ্ডিত নেহৰুৰ আছিল শিশুৰ প্ৰতি এক বিশেষ প্ৰীতি । সেয়েহে ১৪ নবেম্বৰ নেহৰুৰ জন্ম দিনটোত প্ৰতি বছৰে দেশত পালন কৰা হয় শিশু দিৱস হিচাপে । শিশুসকলৰ এই বিশেষ দিনটোত সমগ্ৰ ৰাজ্যতেই দেখা যায় ব্যাপক আয়োজন । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ হাতীগাঁওস্থিত হিয়া আৰ্ট এণ্ড ডাঞ্চ একাডেমীতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় শিশু দিৱস ।
নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পনৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিদ্যালয়খনৰ শিশুসকলৰ মাজত আয়োজন কৰা হয় নৃত্য-গীত, চিত্ৰাংকন, বক্তৃতা প্ৰতিযোগিতাৰ । অনুস্থানটোত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰিও বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অধিবক্তা ছাহনাৱাজ আহমেদ ।
লগতে পঢ়ক: Children’s Day 2023: গীত-মাতেৰে হোজাইত শিশু দিৱস পালন