Bhaona workshop: গুৰুজনাৰ নৃত্য-গীত-বাদ্যৰ চৰ্চাত ব্যস্ত মৰাণৰ এজাক কণমানি - ভাওনাৰ আখৰাত ব্যস্ত হৈছে কণ কণ শিশুসকল
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 31 জুলাই : গুৰু দুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ পথাৰত খোজ দিছে প্ৰতিভা সম্পন্ন এজাক শিশুৱে । ভাওনা সংস্কৃতিক আঁকোৱালি লোৱা এই শিশুহঁতৰ মনত আনন্দৰ যেন সীমা নাই ৷ মৰাণত ভাওনা শিকিবৰ বাবে ওলাই আহিছে এজাক শিশু ভাৱৰীয়া । মহাপুৰুষ শংকৰদেৱ সৃষ্ট নৃত্য-গীত-বাদ্যৰ ছন্দত এতিয়া মুখৰিত হৈ পৰিছে মৰাণৰ এখন গাঁও ৷ কণ কণ শিশু, কিশোৰ-কিশোৰীয়ে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি ব্যস্ত হৈ পৰিছে ভাওনা আখৰাত ৷ মৰাণৰ তিলৈনগৰত এই ভাওনাৰ আখৰাত ব্যস্ত হৈছে কণ কণ শিশুসকল ৷
নৱ প্ৰজন্মৰ মাজত গুৰুজনাৰ কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে তিলৈনগৰ আঞ্চলিক ভাওনা সমিতিয়ে আয়োজন কৰিছে ভাওনা আৰু গায়ন-বায়ন কৰ্মশালা ৷ অহা অক্টোবৰ মাহত তিলৈনগৰ আঞ্চলিক ভাওনা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব সোণালী জয়ন্তী সমাৰোহ ৷ পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰ লগতে শিশুসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব "ৰুক্মিনী হৰণ" নাট ৷
তাৰ প্ৰস্তুতিৰে যোৱা 6 জুলাইৰ পৰা অনুষ্ঠিত কৰা হৈছে এই ভাওনা আৰু গায়ন-বায়ন কৰ্মশালা ৷ অঞ্চলটোৰ প্ৰায় 70 গৰাকী শিশু, কিশোৰ-কিশোৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে ৷ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি কণ কণ শিশুসকলে প্ৰত্যেক দিনাই গুৰুজনাৰ অনন্য সৃষ্টি ভাওনা আখৰাত ভাগ লৈছেহি ৷
লগতে পঢ়ক : Summer Workshop at Kaliabor: সামৰণি পৰিল কলিয়াবৰত আয়োজন গ্ৰীষ্মকালীন কৰ্মশালাৰ