Child injured: পুনৰ ৰে’লত অঘটন; চলন্ত ৰে’লৰ পৰা পৰি জীৱন মৃত্যুৰে যুঁজছে শিশুৱে - মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়
🎬 Watch Now: Feature Video

যোৰহাট, 6 জুন : ইটোৰ পিচত সিটো অঘটনে লগ এৰা নাই ভাৰতীয় ৰে’ল সেৱাক ? ৰে’লত যাত্ৰা কৰোঁতে সাৱধান হওক। উজনিমুৱা চলন্ত ৰে’লৰ পৰা পৰি জীৱন মৃত্যুৰে সৈতে যুঁজিছে এটি কণমানি শিশুৱে। এইবাৰ ঘটনাৰ স্থান হৈছে যোৰহাট জিলাৰ মৰিয়নী ৷ মৰিয়নি ছিগনেল কলনীৰ সমীপৰ এটা স্থানত উজনিমুৱা 15901 নম্বৰ লামডিঙ তিনিচুকীয়া পেছেঞ্জাৰ ৰে’লৰ পৰা পৰি গ'ল এটি কণমানি শিশু (Child seriously injured by falling from train)।
জানিব পৰামতে ৰে’লখনে মৰিয়নী জংচন অতিক্ৰম কৰাৰ প্ৰায় কিছুসময়ৰ পিচতে জংচন পৰাৰ নাতিদূৰৈত হঠাৎ চলন্ত ৰে’লখনৰ পৰা পৰি যায় শিশুটো ৷ কণমানিটো চলন্ত ৰে’ল পৰাৰ পৰি যোৱা ঘটনা প্ৰত্যক্ষ কৰে ওচৰতে থকা স্থানীয় লোকে (Child injured in train)।
লগে লগে পৰি যোৱা স্থানৰ পৰা মুৰ্মূষ অৱস্থাত সাতবছৰীয়া শিশুটোক উদ্ধাৰ কৰি ততাতৈয়াকৈ মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় । মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰোৱা পিচত উন্নত চিকিৎসাৰ বাবে ৰে’ল আৰক্ষী আৰু ৰে’ল সুৰক্ষা বাহিনী দলে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতাললৈ আনে কণমানিটোক ৷ এই পৰ্যন্ত শিশুটোৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ কণমানিটোৱে মূৰৰ লগতে বিভিন্ন স্থানত আঘাত পাইছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: Suspected Murder : যুৱকক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ, গোপন অংগত আঘাতৰ চিন