Child dies: কলগাছিয়াত শিশুৰ সলিল সমাধি - Child dies after drowning in water
🎬 Watch Now: Feature Video
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা । বালিকুৰি এন চি গাঁৱৰ আশ্ৰাফুল ইছলামৰ চাৰি বছৰীয়া শিশুটিৰ সলিল সমাধি ঘটে(Child dies after drowning in water) । জানিব পৰা মতে পুৱা প্ৰায় ৭ বজাৰ পৰা চাৰিবছৰীয়া শিশুটি ঘৰৰ পৰা নিৰুদ্দেশ হয় । তাৰ পাছতে দিনজুৰি আত্মীয় স্বজনৰ ঘৰত খবৰ কৰে যদিও শিশুটিৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ'ল পৰিয়ালৰ লোক । অৱশেষত বিয়লি দুই বজাৰ পিছত ওচৰতে থকা বেকী নৈৰ মৰা সুতিত ৰাইজে জাল মাৰি নদীৰ পৰা উদ্ধাৰ কৰে শিশুটিক । শিশুটি কেনেকৈ পানীত পৰিল সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত । ইতিমধ্যে ঘটনাস্থলীত বালিকুৰি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST