Child death at Amarpur: শদিয়াৰ মেপুন গাঁৱত শিশুৰ সলিল সমাধি - শদিয়াৰ মেপুন গাঁৱত শিশুৰ সলিল সমাধি
🎬 Watch Now: Feature Video
শদিয়া মহকুমাৰ অন্তৰ্গত অমৰপুৰৰ মেপুন গাঁৱত এটি শিশুৰ সলিল সমাধিৰ ঘটনাই শোকস্তব্ধ কৰি তুলিছে অঞ্চলটোৰ ৰাইজক(Child sank in river in Amarpur) ৷ জানিব পৰামতে অমৰপুৰৰ মেপুন গাঁৱৰ নিবাসী তথা TMPK কেন্দ্ৰীয় সমিতিৰ সদস্য মহেন পেগুৰ পুত্ৰ সন্তান ললাদ পেগু নামৰ প্ৰায় ৭ বছৰীয়া শিশুটিয়ে সোমবাৰে পুৱা বিদ্যালয়লৈ বুলি ওলাই যায় যদিও চুটি হোৱাৰ পিছতো ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিৱেশৰ ৷ ইফালে পৰিয়ালৰ লোকে বিভিন্ন প্ৰান্তত বিচৰাৰ অন্তত মংগলবাৰে সন্ধিয়া দতুং নদীত উদ্ধাৰ কৰে ললাদ পেগুৰ শিশুটিৰ মৃতদেহ(Child dies after drowning in water) ৷ শিশুটিৰ এনে কৰুণ মৃত্যুত শোকৰ ছাঁ পৰিছে অমৰপুৰ অঞ্চলত ৷
Last Updated : Feb 3, 2023, 8:36 PM IST