thumbnail

By

Published : Feb 1, 2023, 3:42 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Health Camp at Manikpur: বাল্য বিবাহৰ বিৰুদ্ধে সজাগ হ'বলৈ আহ্বান উপায়ুক্তৰ

মাণিকপুৰ, ১ ফেব্ৰুৱাৰী: অসমত বাল্য় বিবাহৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । অৱশ্য়ে বৰ্তমান সমাজত বাল্য় বিবাহ সম্পৰ্কে যথেষ্ট সংখ্যক মানুহ সচেতন হৈছে । ইয়াৰ ফলত পলমকৈ হ’লেও পোহৰলৈ আহিছে এনেকুৱা ঘটনা । প্ৰশাসনৰ তৎপৰতাত বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে । বঙাইগাঁও জিলাত এনে ঘটনা সঘনাই সংঘটিত হোৱাত ইয়াৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ প্ৰশাসনে ব্য়ৱস্থা গ্ৰহণ কৰিছে । ইয়াৰেই অংশৰূপে মঙলবাৰে স্বাস্থ্য পৰীক্ষা শিবিৰৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় বাল্য় বিবাহ সম্পৰ্কীয় সভা (Health Camp at Manikpur in Bongaigaon)।

বঙাইগাঁও জিলাৰ সোনাইকোলা ছিনিয়ৰ বেচিক স্কুলত মঙলবাৰে অনুষেঠিত হয় এক বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় এক  বাল্য় বিবাহ সম্পৰ্কীয় কাৰ্যসূচীৰ। বঙাইগাঁওৰ উপায়ুক্ত নৱদ্বীপ পাঠকে এই বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰে । এই উপলক্ষে আয়োজিত সভাত উপায়ুক্ত নৱদ্বীপ পাঠকে বাল্যবিবাহ সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । উপায়ুক্ত নৱদ্বীপ পাঠকে বাল্য বিবাহৰ বিৰুদ্ধে ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় (DC of Bongaigaon appeal to stop child marriage)। যদি কোনো লোকে এনে কামত জড়িত হৈ আছে তেতিয়াহ'লে শীঘ্ৰে  আৰক্ষীক খবৰ দিবলৈও তেওঁ আহ্বান জনায় । এনে কামত জড়িত লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উপায়ুক্ত নৱদ্বীপ পাঠকে কয় ।  

বৰ্তমান ১৮ বছৰৰ বয়সৰ তলত বিয়া দিলে তেনে লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি উপায়ুক্তগৰাকীয় উল্লেখ কৰিছে । ল'ৰা-ছোৱালীৰ উভয়ৰে অভিভাৱকৰ লগতে কাজী বা বিবাহ কাৰ্য সম্পন্ন কৰা ব্যক্তি জেললৈ যাব লাগিব বুলিও তেওঁ সঁকীয়াই দিয়ে । এই সংক্ৰান্তত গাওঁৰক্ষী বাহিনী,গাঁৱৰ মূৰব্বী তথা সচেতন ব্যক্তিসকলে মাজে মাজে সজাগতামূলক সভা অনুষ্ঠিত কৰি সাধাৰণ জনতাক সজাগ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ মতপোষণ কৰে ।

মাণিকপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু পাতিলাদাহা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত বিজনী মহকুমাৰ অন্তৰ্গত সোনাইকোলা ছিনিয়ৰ বেচিক স্কুলত অনুষ্ঠিত হয় এক চিকিৎসা শিবিৰ । এই চিকিৎসা শিবিৰতেই বঙাইগাঁও জিলা উপায়ুক্ত নৱদ্বীপ পাঠকে ৰাইজক সম্বোধন কৰি সকলো ক্ষেত্ৰতে সজাগ হ'বলৈ আহ্বান জনায় । উক্ত স্বাস্থ্য শিবিৰত উপস্থিত থাকে আলুখুন্দা গাঁও পঞ্চায়তৰ সভাপতি কবিৰ ৰহমানৰ লগতে কেইবাজনো চিকিৎসকৰ উপস্থিতিত চিকিৎসা প্ৰদান কৰে ।

লগতে পঢ়ক:Himanta Biswa Sarma Birthday: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 54 সংখ্যক জন্মদিন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.